অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে, শিৱসাগৰ খণ্ড উন্নয়ন বিষয়াৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,৩০ আগষ্টঃ শিৱসাগৰ জিলাৰ সকলো বিলাক বাট-পথৰ অতি শোচনীয় অৱস্থা হোৱা বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে ২৯ আগষ্টত শিৱসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলাখনৰ সকলো বিলাক বাট-পথ জৰাজীৰ্ণ হোৱাৰ হেতুকে যাতায়তৰ ক্ষেত্ৰত যমৰ যাটনা ভূগিবলগীয়া হৈছে।

অসম জাতীয়তাবাদী শিমলুগুৰি আঞ্চলিক সমিতিয়ে শিৱসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ অৱস্থান ধৰ্মঘট কৰি অসম চৰকাৰক সকীয়াই দিছে যে অতি সোনকালে গ্ৰাম্য অঞ্চলসমূহৰ বাট-পথ নিৰ্মাণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি তপন গগৈ,সম্পাদক পিংকু ৰায়ে স্বাক্ষৰ কৰা এখন স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ হাতত অপৰ্ণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here