এন আৰ চিৰ চুড়ান্ত নাম তালিকা প্ৰকাশকলৈ আৰু মাত্ৰ এটা দিনঃ তৎপৰতা বাঢ়িছে হোজাই জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰঃ জিলাখনৰ বিভিন্ন প্ৰান্ততৰ লগতে লংকা হাইস্কুলতো অনুষ্ঠিত কৰে সজাগতা সভা

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা পৰা ভূপেন্দৰ সিং বাবু,৩০ আগষ্টঃ হোজাই জিলাখনৰ বিভিন্ন প্ৰান্তত এন আৰ চিৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বিশৃংখলতাৰ সৃষ্টি নহয় তাৰবাবে জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে জিলা উপযুক্ত আৰু আৰক্ষী অধীক্ষকে সংবাদ মেল যোগে হোজাই জিলাখনত শান্তি শৃংখলা অটুট ৰাখিবলৈ অনুৰোধ জনাই।

প্ৰয়োজন সাপেক্ষে জিলাখনৰ আইন শৃংখলাৰ পৰিস্থিতিৰ যাতে অৱনতি নঘটে বা বিশৃংখলতা সৃষ্টি হ’লে ১৪৪ ধাৰা দিবলৈকো প্ৰস্তুত হৈ আছে জিলা প্ৰশাসন।

আনহাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ’লে ৰুদ্ধ কৰিব পৰাকৈ আৰক্ষী মোটায়ন কৰা হৈছে।

আনহাতে প্ৰতিটো এন এছ কে চেণ্টাৰত নিৰাপত্তা দিব পৰাকৈ ভিডিপি কৰ্মীসকলৰো সহায় লৈছে আৰক্ষী বিভাগে।

আনহাতে সকলোৰে সহায় হোৱাকৈ ২৪ ঘণ্টাই উপলব্ধ থকাকৈ এটা টেলিফোন নম্বৰ মুকলি কৰি দিছে। ০৩৬৭৪-২৮৪২৮৪ নম্বৰ যোগেদি কিবা অভিযোগ থাকিলে ফোন আৰক্ষী প্ৰশাসনক জনাব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here