ধেমাজিৰ চিচি বৰগাঁও আৰক্ষী চকীত অঘটনঃ নিজৰ চাৰ্ভিছ পিষ্টলেৰে গুলিয়াই আত্মহত্যা কৰিলে আৰক্ষী বিষয়াই

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,৩০ আগষ্টঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁও আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন নাথে(২৮)আজি পুৱা ৪-২০ বজাত নিজৰ কোঠাৰ ভিতৰতে নিজৰ চাৰ্ভিছ পিষ্টলেৰে বুকুত গুলিয়াই আত্মহত্যা কৰে।

নিজৰ ছাৰ্ভিছ পিষ্টলেৰে নিজৰ বুকুত গুলিয়াই আত্মহত্যা কৰিলে এইজন আৰক্ষী বিষয়াই।

চিচিবৰগাঁও আৰক্ষী চকীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক নিপন নাথে কালি নিশা প্ৰায় ১১ বজাত আৰক্ষীৰ দলসহ পেট্ৰলিং ডিউটিত ওলাই যায় আৰু আজি পুৱতি নিশা ৪.১০ বজাত ডিউটি সামৰি নিজৰ ৰুমত প্ৰৱেশ কৰে।

প্ৰায় ১০ মিনিটৰ পিছতে গুলিৰ শব্দ শুনি ড্ৰাইভাৰজনে হৈ চৈ লগোৱাত কোঠাৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গুলিয়ে বুকু ভেদি পৰাপাৰ হৈ যায়।

বহুদিনৰ পৰা আৰক্ষী বিষয়াজন মানসিকভাৱে হতাশাগ্ৰস্ত হৈ আছিল বুলি জানিব পৰা গৈছে। মৃত নিপন নাথৰ ঘৰ ৰঙিয়াৰ মধুকুচিত ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here