২০১৩চনত সংঘটিত এক হত্যাকাণ্ডৰ ৰায় হোজাইৰ শংকৰদেৱনগৰ আদালতৰঃ হত্যাকাণ্ডত জড়িত চাৰি অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৩০ আগষ্টঃ ২০১৩ বৰ্ষৰ ১৪ অক্টোবৰৰ বিজয়া দশমীৰ দিনা হোজাই জিলাৰ লংকা চহৰত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।

লংকা চহৰৰ নেতাজী ৰোডৰ ৯ নং ৱাৰ্ডৰ ৩৫ বছৰীয়া যুৱক তথা এটি সন্তানৰ পিতৃ পিনাকী দে’ক লংকাৰ চিষ্টাৰ নিবেদিতা হাইস্কুলৰ সন্মুখত সেইদিনা সন্ধ্যা ৬-৩০ বজাত নিজৰ দুচকীয়া স্কুটীখনত বহি থকা অৱস্থাতে আক্ৰমণ কৰি ডিঙি কাটি গুৰুতৰভাৱে আহত কৰাৰ পাছত হোজাইৰ হাম হস্পিতালত তেওঁৰ মৃত্যু হৈছিল।

https://youtu.be/1hbk048xg70

এই ঘটনাত চহৰখনৰে ২নং ৱাৰ্ডৰ অক্লান্ত পথৰ বিপুল দে’, অচিন্ত্য দে’, কৃষ্ণ দে’ আৰু ৭নং ৱাৰ্ডৰ ৰংমহলাৰ প্ৰণৱ আশীষ দত্ত ওৰফে মুন্না দত্ত জড়িত আছিল।

মৃত পিনাকী দে’ৰ ভাতৃ পাপ্পু দে’ৰ এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে যুৱকজনৰ হত্যাকাণ্ডত জড়িত চাৰি অভিযুক্তক ঘটনাৰ পাছত আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

উক্ত হত্যাকাণ্ডটোৰ ৬ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ঘটনাটিৰ সংক্ৰান্তত লংকা আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গোচৰ প্ৰক্ৰিয়া চলাৰ অন্তত আজি গোচৰটোৰ ৰায়দান কৰে।

https://youtu.be/dtyC7YkAd-E

হোজাই জিলাৰ শংকৰদেৱ নগৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ আদালতে এক ৰায়যোগে অপৰাধী ক্ৰমে বিপুল দে’, অচিন্ত্য দে’, কৃষ্ণ দে’ আৰু আশীষ দত্ত ওৰফে মুন্না দত্তক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম প্ৰদান কৰে।

দীৰ্ঘ ৬ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৰায় হোৱা গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অমৰজ্যোতি শইকীয়াই।

ইপিনে,আজিৰ এই ৰায়দানত ন্যায় পোৱা মৃত পিনাকী দে’ ৰ পত্নীয়ে আদালতৰ ৰায়ক ধন্যবাদ জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here