সাংবাদিক হিতেন মহন্তক সশ্ৰদ্ধ স্মৰণ

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা  মণীষা শৰ্মা , ৩০ আগষ্টঃ জ্যেষ্ঠ সাংবাদিক  হিতেন মহন্তক শুক্ৰবাৰে(৩০ আগষ্ট) গুৱাহাটী প্ৰেছ ক্লাৱত  গুণমুগ্ধই শ্ৰদ্ধাৰে সোঁৱৰে ।

বহু কেইগৰাকী সাংবাদিক আৰু  পৰিয়ালৰ উপস্থিতিত আয়োজিত সভাত বক্তাসকলে   তেওঁৰ সততা, সাহসিকতা আৰু মানৱ প্ৰেমৰ বিষয়ে   নিজস্ব বাখ্যা দাঙি ধৰে।

সাংবাদিকৰ স্বাৰ্থ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সদায়ে   সৰৱ হৈ থকা মহন্তৰ আদৰ্শই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও তেওঁলোকে দৃঢ়তাৰে কয়।  

লগতে প্ৰতিবছৰে মহন্তৰ স্মৃতিত জাৰ্নেলিষ্ট ফৰাম  অসমে এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰি যাব বুলিও সদৰী কৰে।

 সভাত জ্যেষ্ঠ সাংবাদিক বিমান চন্দ্ৰ হাজৰিকা , ৰূপম বৰুৱা, ৰনেন কুমাৰ গোস্বামী,  নৱ ঠাকুৰীয়া, বিপুল শৰ্মা  জগদীন্দ্ৰ ৰায় চৌধুৰী, দীপাংকৰ দেৱ শৰ্মা,  দিৱস ফুকন , চক্ৰেশ্বৰ গোস্বামী আদিয়ে মহন্তৰ সান্নিধ্যৰ কথা সোঁৱৰে।

সভাত  মহন্তৰ পত্নী  মনশ্ৰী দত্ত মহন্ত, পুত্ৰ নীহাৰ জ্যোতি মহন্ত, চিন্ময় মহন্ত, ভাইবোৱাৰী কৰবি মহন্ত, ভতিজা সঞ্জয় মহন্ত, অৱিনাশ মহন্ত,  মহন্তৰ পত্নীৰ ককায়েক ডঃ তাৰিনী কুমাৰ দত্ত, আৰু ভায়েক পৰেশ দত্ত আদিৰ লগতে আন কেইবাজনো গুণমুগ্ধ উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে বিনীতা চক্ৰৱৰ্তীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here