পুনৰ গুবাহাটী মহানগৰীত কৃত্ৰিম   বানঃ এজাক মুষলধাৰ বৰষুণে বুৰাই পেলালে মহানগৰীৰ আভিজাত্য 

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৩১ আগষ্টঃ শুক্ৰবাৰে নিশা অহা  এজাক মুষলধাৰ বৰষুণে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য ৷

নিশা প্ৰায় ন বজাত অহা বৰষুণ জাকে মহানগৰীৰ অনিল নগৰ নবীন নগৰ, ৰাজগড়, পূৱ শৰণীয়া, লাচিত নগৰকে ধৰি কেইবাটাও অঞ্চল  বুৰাই পেলায় ৷

কৃত্ৰিম বানৰ ফলত জি এছ ৰোডৰ লগতে উলুবাৰী লাচিত নগৰ ধৰি কেইবাটাও অঞ্চলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷

যাৰ বাবে ঘন্টা ঘন্টা ধৰি গাড়ী মটৰ যানজঁটত আবদ্ধ হৈ আছিল ৷

এয়া অনিল নগৰৰ দৃশ্য

এয়া শনিবাৰৰ পূৱাৰ দৃশ্য ’ এনেকৈয়ে অনিল নগৰ অঞ্চলত আজিলৈকে কৃত্ৰিম বানত আবদ্ধ হৈ থাকিব লগীয়া হৈছে অঞ্চল বাসী ৰাইজ ৷

স্হায়ীৰ ৰাইজে জনোৱা মতে নিশা তেওলোকে লঘনে থাকিবলগীয়া হৈছে ৷তেওঁলোকৰ ঘৰত ভিতৰত একাঠু পৰ্যন্ত পানী ৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী লগতে অফিচ লৈ যোৱাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তাৰ ৰাইজে ৷

স্হানীয় ৰাইজৰ অভিযোগ প্ৰশাসনে অহাযোৱাৰ বাবে পূৰ্বত ৰিকচাৰ ব্যৱস্থা কৰি দিছিল যদিও এই বাৰে দিয়ি নাই ৷

চৰকাৰ প্ৰশাসনে কেবল পাম্পেৰে পানী সিচি দায়িত্ব সামৰে বুলি স্হানীয় ৰাইজৰ অভিযোগ ৷ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ কোনো সমধান নিবিচাৰে বুলি অঞ্চলবাসী ৰাইজৰ আক্ষেপ ৷

পূৰ্বতে অহাযোৱাৰ বাবে প্ৰশাসনে ৰিক্সাৰ  ব্যৱস্থা কৰিছিল যদিও আজি প্ৰশাসনৰ পৰা কোনধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here