অপপ্ৰচাৰ ৰোধ কৰাৰ লগতে বিদ্যা ভাৰতীৰ বাস্তৱ ছবিখন সমাজত দাঙি ধৰা দায়িত্ব বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰঃ সুধাকৰ ৰেড্ডী

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩১ আগষ্টঃ ২৯-৩০ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে পূৰ্বোত্তৰ ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত যায়।

২৯ আগষ্টৰ পূৱা ৯ বজাত কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে জ্যোতি প্ৰজ্বলনৰে অখিল ভাৰতীয় অধিকাৰী ৰাষ্ট্ৰীয় প্ৰচাৰ বিভাগৰ সংযোজক সুধাকৰ ৰেড্ডী আৰু শিক্ষাবিদ ডঃ জয়কান্ত শৰ্মাই।

ইয়াৰ পাছতে মংগলাচাৰণ ধ্বনিৰে মুখৰিত হয় অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহ। কৰ্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনত আদৰণি ভাষণত ৰাষ্ট্ৰীয় প্ৰচাৰ বিভাগৰ সংযোজক সুধাকৰ ৰেড্ডীয়ে কয়- শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ প্ৰয়োজন আছে।

মূল্যবোধৰ শিক্ষা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰবৰ্তন কৰাৰ প্ৰয়োজন। শিক্ষা দেশৰ বাবে হ’ব লাগে।

বিদ্যা ভাৰতী পূৰ্বৰ ছাত্ৰ ছাত্ৰীসকসৰ লগত শিক্ষা, আধ্যাত্মিক, সাংস্কৃতিক সংস্কাৰ আদি বিষয়বোৰৰ ওপৰত সদায় সম্পৰ্ক স্থাপন সমাজখন সুশৃংখলিত ৰাখিব পাৰি।

গতিকে বিদ্যা ভাৰতীয়ে বিভিন্ন প্ৰয়োগ আৰম্ভ কৰিছে আৰু এই ভাল কামবোৰৰ প্ৰচাৰ হোৱাৰ প্ৰয়োজন আছে।ইয়াৰ প্ৰয়োজনীয় এই বাবে আছে কাৰণ সংঘই ভাল কাম কৰিলেও এচাম লোকে মিছা অপপ্ৰচাৰ চলাই।

সমাজক বাস্তৱ অবগত কৰা দায়িত্বটো বিদ্যা ভাৰতীৰ প্ৰচাৰ বিভাগৰ । উদ্ধোধনী ভাষণ প্ৰদান কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সভাপতি ডঃ জয়কান্ত শৰ্মাই কয় এনে কৰ্মশালাই প্ৰচাৰ বিভাগ বাবে প্ৰশিক্ষণ প্ৰাপ্ত দক্ষতাসম্পন্ন কৰ্মকৰ্তা তৈয়াৰ কৰাত সহায় হ’ব।

বিদ্যা বিদ্যালয় প্ৰকৃততে আৰ এছ এছ বিদ্যালয় নহয়, যদিও আৰ এছএছ ৰ ভাৱধাৰে প্ৰভাৱিত। এই শিক্ষা ব্যৱস্থাত সমাজৰ সকলোকে সামৰি লোৱা হৈছে বুলি তেওঁ ব্যক্ত কৰে।

প্ৰথম দিনাৰ কাৰ্যসূচীত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ আৰু ব্যৱহাৰ ওপৰত মাৰ্গদৰ্শন কৰে তীৰ্থশংকৰ দাস কলিতই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চন্দন গোস্বামীয়ে প্ৰিন্ট মিডিয়া ব্যৱহাৰ উপযোগিতা বিষয়ে খুটিনাতি দাঙি ধৰে।

সন্ধিয়া ৮ বজাৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কাৰিকৰী বিভাগৰ উপসঞ্চাল পি.কে.দাসে ইলেক্ট্ৰনিক মিডিয়াৰ কিদৰে সঠিক ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে সুক্ষ্ম বিশ্লেষণ দাঙি ধৰে।

কৰ্মশালাখনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ উন্মোচন কৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক চাঞ্চিৰাম পায়েঙে জ্যোতি প্ৰজ্বলনৰে।ইয়াৰ পিছতে ফটো জাৰ্নেলিষ্ট, প্ৰিন্ট মিডিয়া ষ্টৰী ৰাইটিং, প্ৰেছ বিজ্ঞপ্তি ইত্যাদি বিষয়ৰ ওপৰত জ্যেষ্ঠ সাংবাদিক সমাজ কৰ্মী শান্তনু পূজাৰী,সাংবাদিক ৰমেশ প্ৰসাদ, ড০ পৱন তিৱাৰী, বিকাশ শৰ্মাই বক্তব্য ৰাখে।

শেষত সমাপন সমাৰোহত বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় মন্ত্ৰী ব্ৰক্ষ্মাজী ৰাওৱে কয়- প্ৰচাৰ বিভাগ কাম হ’ল সঠিক তথ্য সমাজক দিয়া। যিবোৰ কামত বিদ্যা ভাৰতীয়ে সম্পন্ন কৰিছে তেনে কামহে প্ৰচাৰ কৰা মিছাকৈ জনপ্ৰিয়তা অৰ্জন কৰা নহয়। নিস্বাৰ্থ সেৱাহে প্ৰকৃত সেৱা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here