মেকচুমোৰ খুণ্ডাত মহিলাৰ মৃত্যু

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৩১ আগষ্টঃ হোজাইৰ জিলাৰ লামডিং নুখুটিত এগৰাকী পথচাৰী মহিলাক এখন মেকচুমোৰ গাড়ীয়ে খুন্দিৱাই থিতাতে নিহত কৰে।আনজুমা বেগম নামৰ মহিলাগৰাকীয়ে NRC সেৱা কেন্দ্ৰৰ পৰা ঘৰলৈ উভতাৰ পথতে AS-02 AC 2582 নম্বৰৰ মেকচোমু গাড়ীৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী।

লংকাৰ নখুটি আৰক্ষী পহৰা চকীৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

NRC ৰ চূড়ান্ত খচৰাত মহিলা গৰাকীয়ে নিজৰ নাম চাই ঘৰলৈ উভতি অহাৰ পথতেই পথ দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লবলগীয়া হয়।

NRC চূড়ান্ত খচৰাত মহিলাগৰাকীৰ নাম প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে।

পাঁচগৰাকী সন্তান এৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা মহিলা গৰাকীৰ ঘৰত এতিয়া কাৰুণ্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মেকচোমু গাড়ীখন এজন নাবালক চালকে চলাই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পাইছে।

নাবালক চালকৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আইন প্ৰনয়ণ কৰাৰ পিছতো একাংশ নাবালকে এতিয়াও গাড়ী চলোৱাৰ বাবে এনেবোৰ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। মহিলা গৰাকীৰ এনে কৰুণ মৃত্যুত এতিয়া নখুটিত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here