সুূদূৰ বাংলাদেশৰ পৰা চাইকেল চলাই নিশা লংকাত আহি উপস্হিত বাংলাদেশৰ যুৱক

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ৩ ছেপ্টেম্বৰঃ চাইকেল চলাই ভ্ৰমণ কৰি ভাল পোৱা এজন যুৱক । নাম টামবিৰা জাউনীক ।

সুদূৰ বাংলাদেশৰ পৰা যোৱা নিশা লংকাত আহি উপস্হিত হ’য় টামবিৰা জাউনীক নামৰ বাংলাদেশী যুৱকজন ।

ভ্ৰমণ কৰা পৰিকল্পনা তথা ভ্ৰমণৰ প্ৰৱল ইচ্ছা থাকিলে মানুহে চাইকেল চলাই হ’লেও যে বহিঃ দেশৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিব পাৰে তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এই যুৱক জনে ।

উল্লেখ যে, যোৱা ইং ২৪ আগষ্ট তাৰিখে নিজ দেশ বাংলাদেশৰ ধাকাৰ পৰা চাইকেল চলাই ৰাওনা হোৱা যুৱকজনে শুকুৰবাৰে নিশা হোজাই জিলাৰ লংকাত উপস্হিত হয় ।

যুৱকজনৰ ভাষ্য অনুসৰি, বাংলাদেশৰ ধাকাৰ পৰা আৰম্ভ কৰা তেওঁৰ চাইকেলিং যাত্ৰা নাগালেণ্ডৰ ডিমাপুৰত শেষ হ’ব ।

সৰ্বমুঠ ২০ দিন তেওঁ থাকিব ভাৰতবৰ্ষত । লগতে উক্ত যুৱক জনে কেমেৰাৰ আগত কয় যে, তেওঁ বিগত দিনত ভাৰতবৰ্ষৰ অন্য বিভিন্ন ৰাজ্য সমূহত চাইকেল লৈয়ে পৰিভ্ৰমণ কৰাৰ চিন্তা চৰ্চা কৰিছে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here