লংকাৰ ডাবলংত পিস্তল সহ মেগজিন আৰু সজীৱ গুলি জব্দ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৩ ছেপ্টেম্বৰঃ বহিঃ ৰাজ্যৰ পৰা অবৈধ অস্ত্ৰ সৰৱৰাহৰ চোৰাং ব্যৱসায় দিনক-দিনে বৃদ্ধি পোৱাৰ সময়তে লংকাত আৰক্ষীয়ে পিস্তল সহ মেগজিন আৰু সজীৱ গুলি জব্দ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত নিশা লংকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এটা পইন্ট ২২ পিস্তলসহ ৩টা সজীৱ গুলি, মেগজিন সহ নাইন এম এম পিস্তলৰ ৬টা সজীৱ গুলী।

লংকা আৰক্ষী থানাৰ অন্তৰ্গত ডাবলংৰ মঃ ছেজ উদ্দিন নামৰ লোকজনৰ ঘৰত অভিযান চলাই জব্দ কৰে মাৰণাস্থ সহ সজীৱ গুলী।

ছামচুদ্দিন নামৰ ব্যক্তিজনৰ পুত্ৰ ছেজ উদ্দিনে ডিমাপুৰৰ পৰা সৰবৰাহ কৰি নিজ ঘৰত মজুত কৰি ৰাখিছিল পিস্তল সহ সজীৱ গুলি।

 হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত যোৱা আৰক্ষী দলে চলোৱা অভিযানত আন্ধাৰৰ সুযোগত অবৈধ অস্ত্ৰ ব্যৱসায়ী ছেজ উদ্দিনে পলায়ণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here