৭ ছেপ্টেম্বৰত গুৱাহাটীত নৰ্থ ইষ্ট প্ৰিন্ট টেকৰ তৃতীয় সংস্কৰণ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ৩ ছেপ্টেম্বৰঃ অহা ৭ ছেপ্টেম্বৰ পৰা ১০ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে নৰ্থ ইষ্ট প্ৰিন্ট টেকৰ তৃতীয় সংস্কৰণ গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হ’ব ৷

ইয়াত অত্যাধুনিক প্ৰিন্ট প্ৰযুক্তিৰ যন্ত্ৰসমূহৰ এখন প্ৰদৰ্শনী আৰু কৌশল বিকাশৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷

লগতে প্ৰিন্ট মিডিয়াৰ লগত জড়িত সাংবাদিকসকলৰ এখন বিশেষ চেমিনাৰৰ আয়োজন কৰা হৈছে৷

সাংবাদিকৰ প্ৰয়োজন হোৱা তথ্য প্ৰযুক্তি আৰু গ্ৰাফিক কলাৰ ওপৰত আলোকপাত কৰা হ’ব ৷আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সভাপতি প্ৰনৱ কুমাৰ তালুকদাৰে কয় নৰ্থ ইষ্ট প্ৰিন্ট টেক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

লগত উপস্থিত থাকিব উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ’ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশ গ্ৰহণ কৰিব৷

এই অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী প্ৰধানকৈ এম বি এ আৰু ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰছাত্ৰী সকলৰ বাবে ৯-১০ছেপ্টম্বৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াত ছপা মাধ্যমত ব্যৱহুত হোৱা প্ৰযুক্তি’ যন্ত্ৰ আদিৰ প্ৰদৰ্শন কৰাৰ বাবে ছাত্ৰছাত্ৰীসকলে সুযোগ লাভ কৰিব বুলি তালুকদাৰে কয়৷

উল্লেখ্য যে সংবাদ মেলত নৰ্থ ইষ্ট প্ৰিন্ট টেকৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here