গুৱাহাটী প্ৰেছ ক্লাবত  হেপেটাইটিছ বি আৰু চি ৰ পৰীক্ষণ শিবিৰ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ চেন্নাইৰ ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল  চেণ্টাৰৰ  উদ্যোগত অহা সোমবাৰে (৯ ছেপ্টেম্বৰ) গুৱাহাটী প্ৰেছ ক্লাবত  সাংবাদিকসকলৰ বাবে   এটি
হেপেটাইটিছ বি আৰু হেপেটাইটিছ চি ৰ   বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন
কৰা হৈছে।

পৰীক্ষণৰ পিছত প্ৰয়োজন সাপেক্ষে সাংবাদিকসকলে  ১৪ ছেপ্টেম্বৰৰ
পুৱা ১১ বজাৰ পৰা তিনি বজালৈ প্ৰেছ ক্লাবত ডাঃ ৰেলা ইনষ্টিটিউটৰ
(www.relainstitute.com) চিকিৎসকৰ
পৰা যাৱতীয় পৰামৰ্শ লাভ কৰিব পাৰিব।

শিবিৰত অংশগ্ৰহণকাৰীসকলৰ স্বাস্থ্য -প্ৰতিবেদন সম্পৰ্কত প্ৰয়োজনীয়
গোপনীয়তা অৱলম্বন কৰা হ’ব। অৱশ্যে চিকিৎসকৰ মতে, এই ৰক্ত পৰীক্ষাত  উক্ত
ভাইৰাছৰ উপস্থিতি প্ৰমাণিত হ’লেও তাত চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ তাৰ
বাবে প্ৰয়োজনীয় চিকিৎসাৰ বিধান আছে। 

অহা ৯ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা তিনি বজালৈ আয়োজন কৰা এই শিবিৰত অংশ ল’বলৈ সাংবাদিকসকলক  অনুৰোধ জনোৱা হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here