ধেমাজিত কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৩ ছেপ্টেম্বৰঃ ধেমাজি সদৰ চাৰিআলিত আজি ধেমাজি জিলা কাৰাটে সন্থাৰ যুতীয়া সম্পাদক দিগন্ত চুতীয়াই জে কে এছ শ্বোটৌ জুকু কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে মানুহৰ দেহটো সুস্থ আৰু সবল কৰি ৰখাৰ লগতে বিপদৰ পৰা হাত সাৰিবলৈ কাৰাটে অৰ্থাৎ সমৰকলা বিদ্যাৰ অতিকৈ প্ৰয়োজন।প্ৰাচীন কালত মানুহে বনৰীয়া জীৱ-জন্তুৰ পৰা নিজৰ জীৱন ৰক্ষাৰ হেতু এই বিদ্যা আহৰণ কৰিছিল।

এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ মুখ্য প্ৰশিক্ষক দিগন্ত চুতীয়াই কয়, ধেমাজি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰাটে প্ৰশিক্ষণ ল’ব বিচাৰে তেন্তে কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here