কাব্যকানন ধেমাজি লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰণ সভা আৰু কবি সন্মিলন

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ৩ ছেপ্টেম্বৰঃ মহাত্মাগান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধেমাজি,লক্ষীমপুৰ জিলা কাব্য কাননৰ উদ্যোগত আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত ৰবিবাৰে এখন সাধাৰণ সভা আৰু কবি সন্মিলন গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় l

এই সাধাৰণ সভাতে কাব্যকানন ধেমাজি, লক্ষীমপুৰ জিলা সমিতিৰ নৱীকৰণ কৰে l নৱনিৰ্বাচিত সভাপতি ৰমেশ কুমাৰ কাকতি সম্পাদক বিশ্বজিৎ গগৈক লৈ ২৫ জনীয়া জিলা সমিতি পূৰ্ণাঙ্গ ৰূপত গঠন কৰে l

কাব্য কাননৰ আগন্তুক দিনত কৰণীয় কৰ্ম ওপৰত বিষদভাৱে আলোচনা কৰা হয় l সদৌ অসম কাব্য কাননৰ তৃতীয় বছৰৰ প্ৰথমখন অধিবেশন লক্ষীমপুৰ জিলাৰ এল টি কে মহাবিদ্যালয়ত ৩ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তাব গ্ৰহণ কৰা হয় l সাধাৰণ সভাৰ পিছতে ধেমাজি লক্ষীমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কুৰিগৰাকী কবিয়ে নিজা নিজা কবিতা আবৃত্তি কৰে l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here