বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু অঙ্গনবাদী কৰ্মীসকলৰ সহযোগত সজাগতা প্ৰচাৰ অভিযান

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ৩ ছেপ্টেম্বৰঃ আজি দিনৰ ১০ বজাত, বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত আৰু অঙ্গনবাদী কৰ্মীসকলৰ সহযোগত পোষণ ওপৰত বিশেষভাৱে ৰাইজ তথা মহিলাসকলক সজাগ কৰাৰ উদেশ্যেৰে এক বিশাল পদ যাত্রা আয়োজন কৰে।

উক্ত পদযাত্রা বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ পৰা বৰদলনি চাৰিআলি হৈ বৰদলনি উন্নয়ন খণ্ডত কাৰ্যালয়ত সামৰণি মাৰে।

উল্লেখ্য যে অনাময় আঁচনিৰ সফল ৰূপায়ণ কৰা, গৰ্ভৱতী মহিলাক সুখাদ্য প্ৰদান কৰা, বাল্য বিবাহ বন্ধ কৰা, মহিলা সুৰক্ষাৰ প্ৰদান কৰা, শিশুসকলৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰা, শিশুক মাতৃৰ দুগ্ধ প্ৰদান কৰা আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

উক্ত কাৰ্যসূচীত এহেজাৰৰো অধিক মহিলাই অংশগ্ৰহণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here