শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিলে বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মুখ্য তোৰণ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৪ ছেপ্টেম্বৰঃ মহানগৰীৰ লাচিত নগৰ স্হিত বানীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মূল তোৰণ আজি অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমষ্টিত অৱস্হিত বাণীকান্ত মহাবিদ্যালয়খনৰ মূল তোৰণ তেওঁৰ বিধায়ক পুঁজিৰ ধনৰে নিৰ্মাণ কৰা হৈছে ৷

ইয়াৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ-অধ্যাপকৰ লগতে শিক্ষাৰ্থীসকলে বিধায়ক তথা শিক্ষামন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷

আজিৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্হিত থাকে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here