চামগুৰিত চি বি আইৰ আওতাত শ শ নিবনুৱাঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

0
18

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,৪ ছেপ্টেম্বৰঃ  বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নগাঁও জিলাৰ চামগুৰিত আই ডি বি আই বেঙ্কৰ অধীনত জীৱনজ্যোতি আঁচনিৰ নামত ভুৱা প্ৰ-পত্ৰৰে মাত্ৰ দহ হাজাৰ টকাৰ বিনিময়ত ই- ৰিক্সা লাভ কৰা একাংশ নিৱনুৱা সম্প্ৰতি মহা সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷

আই ডি বি আই বেঙ্কৰ গোচৰৰ ভিত্তিত উক্ত বেঙ্কৰ অধীনত জীৱনজ্যোতি আঁচনিৰ ভুৱা প্ৰ- পত্ৰৰে ই-ৰিক্সাৰ সুবিধা গ্ৰহণ কৰা হিতাধিকাৰীৰ হাতে-হাতে এতিয়া কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ পৰা অাহিছে চমন৷

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বগামুখ ভুৰবন্ধাৰ নিবাসী মৃত গোৰখ নাথ মণ্ডৰ পুত্ৰ লোকনাথ মণ্ডললৈ চি বি আইৰ বিশেষ চমনখন অহাৰ লগে  লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

মণ্ডলৰ দৰে বহু হিতাধিকাৰীৰ হাতত এনে চমন পৰাৰ লগে লগে হিতাধিকাৰীসকলৰ মূৰত সৰগ ভাঙি পৰা যেন হৈ পৰিছে ৷

জানিব পৰা মতে চি বি আইৰ অনুসন্ধানকাৰী বিষয়াই দিয়া চমন অনুসৰি এই গোচৰৰ সন্দৰ্ভত ই-ৰিক্সাৰ মালিকসকল এক নিৰ্দিষ্ট দিনত গুৱাহাটীস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ‘ব লাগিব ৷

উল্লেখযোগ্য যে, এছ আই আৰ ডি-ৰ চৰকাৰী আঁচনিৰ অধীনত প্ৰায় তিনি বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামগুৰিৰ একাংশ নিৱনুৱাৰ মাজত এই ই-ৰিক্সা সমূহ বিতৰণ কৰিছিল ৷

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ দিনত এই আঁচনিৰ সুবিধা গ্ৰহণ কৰা চামগুৰিৰ বহু সংখ্যক নিৱনুৱা সম্প্ৰতি বিপদত পৰিছে ৷

চি বি আইৰ চমন প্ৰাপ্ত ই-ৰিক্সাৰ গৰাকী নিৱনুৱা মালিক সকলৰ মতে, সেই সময়ত তেওঁলোকক চৰকাৰী সাহায্য হিচাপে জীনৱজ্যোতি আঁচনিৰ অধীনত মাত্ৰ দহ হাজাৰ টকাৰ বিনিময়ত ই-ৰিক্সা সমূহ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছিল।

ইয়াৰে একাংশ মালিকে নিজে বাজিয়াগাঁও কংগ্ৰেছ কাৰ্যালয় ” ৰাজীৱ ভৱন“ত ই-ৰিক্সাৰ বাবদ দহ হাজাৰকৈ টকা জমা কৰিছিল বুলি এতিয়া সংবাদ মাধ্যমৰ গুৰুতৰ অভিযোগো উত্থাপন কৰিছে ৷

আনহাতে চি বি আইৰ পৰা অহা চমনৰ পিছতেই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত বিতৰণ হোৱা ই-ৰিক্সা সমূহ যে নগাঁওস্থিত আই ডি বি আই বেঙ্কৰ ঋণৰ আধাৰতহে হিতাধিকাৰি সকলে পাইছিল , সেই কথা জানিব পাৰি ই-ৰিক্সাৰ মালিক সকল এতিয়া মহা সমস্যাত পৰিছে ৷

অৱশ্যে এই সমগ্ৰ কৰ্ম – কাণ্ড প্ৰকৃততে জালিয়াতিৰে সংঘটিত হৈছিল নে কোনো লোক এই কেলেংকাৰীত জড়িত আছে সকলোবোৰ কথা চি বি আইৰ প্ৰাৰম্ভিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here