লংকাত চিকিৎসক, কৰ্মীৰ ম’ম লৈ মৌন সমদল

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ছেপ্টেম্বৰঃ অৱসৰ প্ৰাপ্ত চিকিত্সক ডা• দেৱেন দত্তক নৃশংসভাৱে কৰা হত্যা সন্দৰ্ভত লংকা প্ৰাথমিক চিকিৎসালয়ৰ ডক্তৰ, নাৰ্চ আৰু চিকিৎসালয়খনৰ আন কৰ্মীসকলে ৩ ছেপ্টেম্বৰৰ সন্ধিয়া এক মৌন সমদল উলিয়াই ৷

উক্ত মৌন সমদল লংকা প্ৰাথমিক চিকিৎসালয়ৰ পৰা ওলাই লংকা বজাৰ হৈ পুনৰ লংকা প্ৰাথমিক চিকিৎসালয়ত আহি শেষ হয় ৷

মৌন সমদলৰ জৰিয়তে হত্যাকাণ্ডৰ লগত জড়িত দোষীক উচিত শাস্তি বিহাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে মৃত দেৱেন দত্তৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে ৷ 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here