হোজাই জিলাৰ নীলবাগান আৰক্ষী পহৰা চকীৰ জিম্মাৰ পৰা পলায়ন চোৰৰ

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ৫ ছেপ্টেম্বৰঃ নীলবাগান আৰক্ষী পহৰা চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ ।আৰক্ষীৰ জিম্মাৰ পৰা এটা চোৰ পলাই যোৱাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ।

নিশা জয়ন্তীয়া বস্তীৰ ৰাইজে এটা চোৰক আটক কৰি নীলবাগান আৰক্ষীক গতাই দিয়ে যদিও নীলবাগান আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে চোৰটোৱে।

নিশা জয়ন্তীয়া বস্তীৰ ৰাইজে তাজউদ্দীন ওৰফে চাজন নামৰ এটা চোৰক আটক কৰি নীলবাগান আৰক্ষীক গতাই দিছিল।

নীলবাগান আৰক্ষীয়ে চোৰটোক আটক কৰি থানালৈ লৈ আহে যদিও থানাৰ পৰা পলাই যোৱা ঘটনাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজে।

নীলবাগান আৰক্ষী পহৰা চকীৰ পৰা চোৰ পলাই যোৱাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজে নীলবাগান আৰক্ষী পহৰা চকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰে চোৰটোক কৰায়ত্ত কৰাৰ দাবী জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here