ডিমাছা সংগঠন ডি এন এল এৰ নামত লংকাত ব্যৱসায়ীক ৫ লাখ টকা দাবীঃ আৰক্ষীৰ জালত সুমিত ঘোষ আৰু বিধান দে নামৰ দুজন

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ৫ ছেপ্টেম্বৰঃ ডিমাছা সংগঠন ডি এন এল এৰ নামত ব্যৱসায়ীক ৫ লাখ ধন দাবী কৰি লংকা আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হবলগীয়া হ’ল সুমিত ঘোষ আৰু বিধান দে নামৰ দুজন ৷

ডিমাপুৰৰ পৰা ৰে’ল যোগে আহি থকা অৱস্হাত লামডিং ৰে’লৱে জংচনৰ পৰা কৌশলেৰে গ্ৰেপ্তাৰ কৰে সুমিত ঘোষক ৷ আনহাতে বিধান দে নামৰ আনজনক লংকাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলে ৷

১ ছেপ্তেম্বৰত ডি এন এল এ উগ্ৰপন্হী সংগঠনৰ নামত পত্ৰ যোগে দাবী কৰিছিল ৫ লাখকৈ টকা ৷

নিজকে সংগঠনটোৰ বিত্ত সচীব এছ গাৰলোচা নাম দি পত্ৰ প্ৰেৰণ কৰি সুমিত ঘোষ নামৰ যুৱকজনে লংকাৰ ৬ নং ৱাৰ্ডত থকা বাপন ঘোষ নামৰ ফামাৰ্চীৰ স্বত্তাধিকাৰী এজনক দাবী কৰিছিল ধনখিনি ৷

ধন দাবীৰ বিষয়ে লংকা আৰক্ষীক অৱগত কৰাত অনুসন্ধান চলাই আৰক্ষী বিষয়া জ্যোতিকমল বণিয়াৰ নেতৃত্বত চাৰিজনীয়া আৰক্ষীৰ দল এটাই বুধবাৰে সন্ধিয়া সুমিত ঘোষক জালত পেলাবলৈ সক্ষম হয় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here