হোজাইৰ ন-খুটী শনিবজাৰত খুচুৰা ব্ৰইলা দোকানীৰ ওপৰত গুণ্ডা টেক্স বজাৰ সমিতি আৰু মহলদাৰৰঃ প্ৰতিদিনে ৪০০ টকাকৈ বজাৰৰ মাচুল নিদিলে দোকান বন্ধ কৰা আৰু প্ৰাণে মৰা ভাবুকি প্ৰদান

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ছেপ্টেম্বৰঃ হোজাই জিলাৰ ন-খুটী শনিবজাৰত খুচুৰা ব্ৰইলাৰ মাংস ব্যৱসায়ীৰ ওপৰত গুণ্ডা টেক্স আৰোপ ৷

শনিবজাৰ সমিতি আৰু মহলদাৰৰ এই একনায়কত্ব ৷ গুণ্ডা টেক্স নিদিলে দোকান বন্ধ কৰাৰ ভাবুকি প্ৰদান ৷

উল্লেখ যে, বিগত বহু দিনৰ পৰা নখুটীৰ দৈনিক বজাৰ শনিবজাৰত কেইবাখনো খুচুৰা ব্ৰইলাৰ ব্যৱসায়ীয়ে আনৰ পৰা গোটাকৈ বইলা ক্ৰয় কৰি আনি কাটি মাংস বিক্ৰী কৰি আছিল ৷

 

কিন্তু কিছু দিনৰ পূৰ্বে শনিবজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা ব্ৰইলাৰ বিক্ৰী কৰা দোকানীসকলৰ ওপৰত প্ৰতিদিনে ২০/৩০ টকাৰ মাচুল দিয়াৰ বিপৰীতে ৪০০ টকাকৈ প্ৰতিদিনে বজাৰৰ মাচুল দিব লাগিব বুলি উল্লেখ কৰে আৰু ৪০০ টকা নিদিলে দোকান ভাঙি পেলোৱাৰ ভাবুকিও প্ৰদান কৰে ৷

বজাৰৰ মাচুলৰ নামত অধিক পৰিমাণৰ গুণ্ডা টেক্স বিচৰাত ব্যৱসায়ীসকল অসন্তুষ্ট হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনা সন্দৰ্ভত নখুটী থানাত এক এজাহাৰো দাখিল কৰে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here