সমাগত সাৰদীয় দুৰ্গা পূজা আমজনে অসমত বৃদ্ধি কৰিব ডেলিভাৰী নেটৱৰ্ক

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ অক্টোবৰ মাহত আৰম্ভ হ’বলগা শাৰদীয় দুৰ্গা পূজা উপলক্ষে আমজনে অসমত ডেলিভাৰী নেটৱৰ্ক বৃদ্ধিৰ এক পৰিকল্পনা হাতত লৈছে ৷

প্ৰতিষ্ঠানখনৰ আই হেভ স্পেচ ’ আছনিৰ অধীনত ১৩০ খন দোকানৰ সৈতে অংশিদাৰিত্ব কৰিছে৷ ডেলিভাৰী নেটৱৰ্ক দুগুণ বৃদ্ধিৰ ফলত আমজনে অসমৰ সৰু সৰু চহৰসমূহত অধিক সেৱা প্ৰদান কৰাৰ।

লগতে পোনপটীয়াকৈ দুই শতাধিক পিন ক’ড সেৱা আগবঢ়াব পাৰি৷ এতিয়াৰ পৰা অভয়াপুৰী, লেখাপানী, অগিয়া, কয়াকুছি, হাইলাকান্দি অঞ্চললৈ পৰিসৰ বৃদ্ধি কৰিব৷

 

এই উপলক্ষে আজি মহানগৰীৰ অনুষ্ঠিত এক সংবাদ মেলত সঞ্চলক প্ৰকাশ ৰচলানীয়ে কয় যে গ্ৰাহকসকল য’তে নাথাকক কিয় তেওঁলোকে বিশ্বাসযোগ্য আৰু দ্ৰুত ডেলীভাৰীত গুৰুত্ব দিব ৷

ৰচলানীয়ে লগতে কয় আমজনৰ ছাৰ্ভিচ পাটনাৰ আঁচনিৰ জৰিয়তে প্ৰতিস্হানতে ভাৰতৰ তৃতীয় আৰু চতুৰ্থ চহৰসমূহত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ৷

চাৰ্ভিছ পাটনাৰ আঁচনিৰ অধীনত ৫০০-৭০০ কেন্দ্ৰই গ্ৰাহকৰ চাহিদা অনুযায়ী সেৱা আগবঢ়াই আছে বুলি তেও কয় ৷ উল্লেখযোগ্য যে আমজনে ৩৫০ খনতকৈ অধিক বিশ হাজাৰতকৈ অধিক ব্যৱসায়ৰ লগত অংশিদাৰিত্ব কৰিছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here