বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ উপস্থিতিত বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

0
35

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰী,৭ ছেপ্টেম্বৰঃ নলবাৰী জিলাৰ বড়িদতৰা গাঁৱত ১৯৫৭ চনত স্হাপিত বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৮ সংখ্যক শিক্ষক দিবস উদযাপন কৰা হয়৷

এক ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে ১৯৮৪ বৰ্ষৰ হাইস্কুল শেষান্ত পৰীক্ষাত অৱৰ্তীন হোৱা শিক্ষাৰ্থীসকল একত্ৰিত হৈ সেই সময়ৰ শিক্ষকসকলৰ লগতে বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷

এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী তথা বিদ্যালয়খনৰ প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি হাইদৰ হুছেইনে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি কয়, এনেকুৱা প্ৰচেষ্টা সচাকৈ এক আদৰণীয়৷

ইয়াৰ বাবে উদ্যোক্তাসকলক তেওঁ ধন্যবাদ জনায়৷ লগতে তেওঁ কয় এনেকুৱা অনুষ্ঠানে সমাজত শান্তি একাজলি বৃদ্ধি কৰে৷ইয়াৰ পৰা নৱ প্ৰজন্মৰৰ ছাত্ৰ-ছাত্ৰীসকলে এক আদৰ্শ পাব বুলি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়৷

অনুষ্ঠানত প্ৰাক্তন উপাধক্ষ্য যুমাৰ আব্দুলা’ প্ৰাক্তন শিক্ষক যাদব ডেকা, প্ৰাক্তন শিক্ষক গুণেশ্বৰ কলিতা সহ কেইবাগৰাকী প্ৰক্তন শিক্ষকক সম্বৰ্ধনা জনোৱা হয়৷

লগতে বৰ্তমান কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্যোক্তাসকলৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়৷

সেইসময়ৰ শিক্ষাৰ্থী বৰ্তমানৰ যুৱ ব্যৱসায়ী বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকাই অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰে৷

তেওঁ কয় এনেকুৱা অনুষ্ঠানে আমাক অতীত মনত পেলায় দিয়ে৷সেইসময়ৰ দিনবোৰ আজি যেন বাৰে বাৰে মনলৈ উভতি আহিছে৷

আজিৰ এই পবিত্ৰ দিনটোত উপস্থিত থকা প্ৰতিগৰাকী প্ৰাক্তন শিক্ষক, বৰ্তমানৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷

শিক্ষক দিৱস অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যুগেন চন্দ্ৰ কলিতা উপস্থিত থাকে৷

উল্লেখ্যযে অনুষ্ঠানটোত প্ৰাক্তন – কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী, ১৯৮৪ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষাৰ্থীসকল উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here