নিশা লংকাৰ মাৰ্কেটিঙত আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাক সহ পাঁচ গৰু সৰ্বৰাহকাৰীক

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ ছেপ্টেম্বৰঃ হোজাই জিলাৰ লংকাৰ মাৰকেটিংত নিশা আৰক্ষীয়ে জব্দ কৰে
অবৈধ গৰু ভৰ্তি ট্ৰাক গাড়ী সহ পাঁচ গৰু সৰ্বৰাহকাৰীক ৷

লাচিত নগৰৰ পৰা খানাপাৰালৈ নি থকা অৱস্হাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷ ৪০ টা সৰু ডাঙৰ গৰু লৈ গৈ আছিল ট্ৰাকখনত ৷

জব্দকৃত ট্ৰাকখনৰ নম্বৰ ML 10 C 1137 ৷ গৰু সৰ্বৰাহকাৰী কেইজনৰ নাম ক্ৰমে আব্দুল,আব্দুল হুছেইন, জামাল উদ্দিন, ডনকুপাৰ আৰু উৱেলচন ৷ বৰ্তমান অবৈধ গৰুকেইটাক ৰখা হৈছে উদালী অঞ্চলৰ ফাৰ্মত ৷

লগতে জব্দকৃত ট্ৰাক গাড়ীখন আৰু পাঁচ গৰু সৰ্বৰাহকাৰীক লংকা আৰক্ষীৰ জীম্মাত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here