বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ নৱ নিৰ্মাণ গৃহ উদ্বোধন কৰে বিধায়ক ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিপৰা ললিত শইকীয়া, ৭ ছেপ্টেম্বৰঃ বৰদলনি শংকৰদেৱ শিশু নিকেতনত আজি উখল-মাখল পৰিবেশ, উল্লেখ্য যে ধেমাজি জিলা বিধায়ক ডাঃ ৰনোজ পেগুৰ পুঁজিৰ দ্বাৰা নৱ নিৰ্মিত গৃহটি আজি শুভ উদ্বোধন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ১৪নং লখিমপূৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ১১৩নং ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগু ডাঙৰীয়াৰ লগতে শিশু শিক্ষা সমিতি, ধেমাজি জিলাৰ প্ৰমুখ প্ৰেম দত্ত দেৱ।

উক্ত অনুষ্ঠানতে সাংসদ বৰুৱা দেৱে নিকেতনৰ অতিকে প্ৰয়োজনীয় খেল পথাৰ এখনৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ কৰে।

বিধায়ক পেগু ডাঙৰীয়াই কয় যে বিদ্যা ভাৰতীৰ উদ্দেশ্য আৰু লক্ষ্যই সমাজ জীৱনৰ বাস্তৱৰ সৈতে সহবাস কৰাবলৈ অনুপ্ৰাণিত কৰে।

অনাগত দিনত নিকেতনৰ সৈতে পূৰ্ণ সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে নিকেতনৰ পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here