ধেমাজি জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি ধোঁৱা চাঙতঃ পানী ফিল্টাৰৰ পৰিবৰ্তে কোমোৰাৰ হেন্দালিহে হ’ল আঁচনি গৃহ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৯ ছেপ্টেম্বৰঃ শাসনাধিস্থিত চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগেটা লৈ চৰম হেতালি খেলা দেখিবলৈ পোৱা গৈছে ।

এক কথাত ক’বলৈ গ’লে এই আঁচনিখন খীৰতী গাইলৈ ৰূপান্তৰিত হৈছে।কিয়নো পানী যোগান আঁচনি খন সফল ৰূপায়ণ কৰিব বাবে চৰকাৰী পুঁজিৰ লাখ লাখ টকা আৱন্তন দিছিল যদিও আঁচনিখন আজি পৰ্যন্ত সফল নহ’ল।

 

এচাম জ্ঞানহীনতা বিষয়া, কৰ্মচাৰীৰ বাবে উক্ত পানী যোগান আঁচনিসমূহ বিকল হোৱাৰ লগতে হাবি-জংঘলত পৰিণত হৈছে।

উল্লেখ্য যে,আঁচনিখন ধেমাজি জিলা বৰদলনি অঞ্চলৰ বাহঁকটীকা পানী যোগান আঁচনি নামেৰে নামকৰণ কৰাৰ হয়, যদিও ঘিলামৰা সংমণ্ডৰ অধীনত থকা বুলি জানিব পৰা গৈছে।

এই পানী যোগান আঁচনিৰ চৌহদৰ তেনেই তথৈবচ অৱস্থা, আঁচনিৰ মেচিনসমূহত মামৰ আৰু শেলুৱৈৰে ভৰপূৰ। পানী ফিল্টাৰ পৰিবৰ্তে কোমোৰা হেন্দালি আৰু খেৰ থোৱা ঘৰলৈ পৰিণত হৈছে।

আজি পাঁচ বছৰে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে পাঁচখনকৈ গাঁৱৰ ৰাইজ বিৰত থাকিব লগা হৈছে। কাণসাৰ নাই জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উচ্চ পদবিষয়াৰ।

চৰকাৰী চাকৰিৰ নামত এনেকৈয়ে এচামে ঘৰতে বহি চৰকাৰ ধন খাই থকা পৰিলক্ষিত হৈছে। এইসকল কৰ্মচাৰী ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here