আছুৰ উদ্যোগত উদ্দীপনা দিৱস উদযাপন

0
17

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মা, ৯ ছেপ্টেম্বৰঃ যোৱা ৮ ছেপ্টেম্বৰত বিশ্ববৰেণ্য গণশিল্পী, ডঃ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিৱসটো প্ৰতি বছৰৰ দৰে দীঘলীপুখুৰী পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ মহানগৰ জিলা ছাত্র সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত উদ্দীপনা দিৱস হিচাপে উদযাপন কৰা হয়।

অসমৰ প্ৰতিখন জিলাৰ একোখনকৈ কলেজৰ বর্ষশ্ৰেষ্ঠ কণ্ঠ শিল্পীৰ দ্বাৰা সুধাকণ্ঠ দেৱৰ গীত পৰিবেশন কৰি শ্ৰদ্ধা জনোৱা হয় ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক।

উল্লেখযোগ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত তেখেতৰ দীঘলীপুখুৰী পাৰস্হিত আৱক্ষমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here