সদৌ অসমীয়া শিখ সন্থা অসমৰ নৱ নিৰ্বাচিত কাৰ্য নিৰ্বাহকৰ প্ৰথম আৰু বৰ্দ্ধিত প্ৰতিনিধিমূলক সভা অনুষ্ঠিত

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভুপেন্দ্ৰ সিং বাবু, ৯ ছেপ্টেম্বৰঃ সদৌ অসমীয়া শিখ সন্থা অসমৰ নৱ নিৰ্বাচিত কাৰ্য নিৰ্বাহকৰ প্ৰথম আৰু বৰ্দ্ধিত প্ৰতিনিধিমূলক সভাখন আজি নগাঁৱস্থিত গুৰুদ্বাৰত অনুষ্ঠিত হয়।

নগাঁৱৰ গুৰুদ্বাৰৰ সভাকক্ষত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোকাঘটোৰ বিধায়ক ডাঃ নুমল মোমিন।

লগতে এই‌ সভাত উপস্থিত থাকে অসমৰ বিভিন্ন প্ৰান্তৰ শিখ ধৰ্মালম্বী লোকসকল আৰু নগাঁও অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

এই সভাত মুখ্য অতিথি বিধায়ক নুমল মোমিনে ভাষণ প্ৰদান কৰি অসমৰ শিখ সমাজক আৰু‌ অধিক আগুৱাই লৈ যোৱাত সহায় সহযোগিতা আগবঢ়াইতাৰ লগতে অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবিৰ সিংক সমৰ্থন দি কামত আগুৱাই যাব বুলি আশ্বাস প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here