জি আই এম টি, তেজপুৰত ‘উদ্ভাৱনী আৰু উদ্যমীতা’ কৰ্মশালাৰ আয়োজন

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ, ১০ ছেপ্টেম্বৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত অহা ১২ ছেপ্টেম্বৰ তাৰিখে এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে।

‘উদ্ভাৱনী আৰু উদ্যমীতা’ বিষয়ক কৰ্মশালাখন অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হ’ব।

কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব পদ্মশ্ৰী বঁটাপ্ৰাপক বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ লগতে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুস্পাঞ্জলী দাস দত্তই।

মূলতঃ উদ্ভাৱন, স্ব-নিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত কৰ্মশালাখনত আগ্ৰহীসকলে পুৱা ৮:৩০ বজাত কলেজ প্ৰাংগণত উপস্থিত হৈ অংশগ্ৰহণ কৰিব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here