গুৱাহাটী প্ৰেছ ক্লাবত হেপেটাইটিছ বি আৰু চিৰ পৰীক্ষণ শিবিৰ সম্পন্ন

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ চেন্নাইৰ ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল চেণ্টাৰৰ উদ্যোগত
সোমবাৰে (৯ ছেপ্টেম্বৰ) গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ বাবে এটি হেপেটাইটিছ বি আৰু হেপেটাইটিছ চি ৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হয়।

এই শিবিৰত ৬১ গৰাকী সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ সন্তোষৰ বিষয় যে কোনো এগৰাকী অংশগ্ৰহণকাৰীৰে তেজত দুয়ো বিধ ভাইৰাছৰ উপস্থিতি পোৱা নগ’ল।

গতিকে অংশগ্ৰহণ কাৰীসকলে দ্বিতীয় পৰ্যায়ৰ তেজ-পৰীক্ষাত অৱর্তীন হ’ব নালাগে।

উল্লেখযোগ্য যে এই শিবিৰ পৰিচালনা কৰে ৰেলা ইনষ্টিটিউটৰ উত্তৰ পূৱৰ বাণিজ্য বিষয়া চিৰঞ্জীৱ শৰ্মা, স্বাস্থ্য কর্মী শিৱ কলিতা আৰু মৃন্ময় দত্তই।

এই শিবিৰত উপস্থিত থকা সাংবাদিকসকলৰ বাবে ডাঃ ৰেলা ইনষ্টিটিউতে একোখনকৈ বিশেষ সুবিধা কাৰ্ডৰ ব্যবস্থা কৰিছে আৰু এই কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ শনিবাৰে (১৪ ছেপ্টেম্বৰ) ১ বজাত প্ৰেছ ক্লাৱত সম্পন্ন কৰা হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here