লংকাৰ জুঠাংবস্তিত এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ মৃতদেহ পুখুৰীত উদ্ধাৰকলৈ চাঞ্চল্যঃ বিদ্যালয়ৰ পৰা অহাৰ পাছৰেপৰা নিখোঁজ হৈ আছিল কণমানিগৰাকীঃ ধৰ্ষণৰ সন্দেহ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১০ছেপ্টেম্বৰঃ লংকাৰ জুঠাংবস্তিৰ আফছৰ হুচেইন নামৰ লোকজনৰ তৃতীয় শ্ৰেণীত পঢ়ি থকা ৭ বছৰীয়া কন্যাগৰাকীৰ মৃতদেহ সোমবাৰে নিশা গাঁওখনৰে ৰোমান আলী নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

জুঠাংবস্তি বালিকা মুক্তাব বিদ্যালয়ৰ ছাত্ৰীগৰাকী বিদ্যালয়ৰপৰা ঘৰলৈ অহাৰ পাছৰে পৰাই নিখোঁজ হৈ আছিল।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ সময়তে সন্দেহজনকভাৱে কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ ঘৰৰ পৰা কিছু নিলগতে থকা ৰোমান আলী নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ হয়।

৭বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা পুখুৰীটোৰ কাষতে ছাত্ৰীগৰাকীয়ে পিন্ধা পেন্টি উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে সন্দেহৰ।

পৰিয়ালৰ লোকে এয়া ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে ছাত্ৰীগৰাকীক।

ইপিনে,দুজন ল’ৰাই ছাত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা অহাৰ পাছতে মাতি নি এনে অপকৰ্ম কৰি হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here