প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ১৩ ছেপ্টেম্বৰঃ অসম গণ পৰিষদৰ জন্মস্থান গোলাঘাটৰ পৰাই দলটিয়ে অহা ১৪ ছেপ্টেম্বৰৰ পৰা সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ কৰিব।
‘অসমৰ বাবে অগপৰ সৈতে’ নতুন শ্ল’গানেৰে গোলাঘাটত ইতিমধ্যে সাজু হৈ উঠিছে, গোলাঘাটৰ লগতে ধনশিৰি আৰু বোকাখাত জিলা সমিতিৰ কৰ্মকৰ্তাসকল।
গোলাঘাট জিলাৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টিত কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক বিনোদ গোৱালা, মণিমাধৱ মহন্ত আৰু নুুৰুল চুলতানৰ উপস্থিতিত সদস্য ভৰ্তি অভিযান সমিতি গঠন কৰা হৈছে বুলি গোলাঘাট জিলা সমিতিৰ সম্পাদক মঃ আছিকুৰ ৰহমানে জানিবলৈ দিছে।
লগতে সম্পাদকগৰাকীয়ে বিবৃতিত প্ৰকাশ কৰা মতে, ১৪ ছেপ্টেম্বৰৰ দিনৰ ১০ বজাত গোলাঘাট জিলা পুথিভঁৰাল প্ৰাঙ্গণৰ পৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত সদস্য ভৰ্তিৰ শুভাৰম্ভ কৰা হ’ব।
ইয়াৰোপৰি গোলাঘাট জিলা সমিতিয়ে ইতিমধ্যে সহস্ৰাধিক ব্যক্তিক দলত যোগদান কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি বিবৃতিটোত উল্লেখ কৰিছে।
লগতে গোলাঘাট জিলা সমিতিৰ সম্পাদকগৰাকী বিবৃতিটোৰ জৰিয়তে গোলাঘাট, বোকাখাত আৰু ধনশিৰি জিলা সমিতিৰ অন্তৰ্গত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকসকলৰ উপৰিও ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক, বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে শুভাকাংশী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।