প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ চেন্নাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান ডাঃ ৰেলা ইনষ্টিটিউট
এণ্ড মেডিকেল চেণ্টাৰৰ উদ্যোগত শনিবাৰে (১৪ ছেপ্টেম্বৰ) গুৱাহাটী প্ৰেছক্লাৱত সাংবাদিক সকলৰ বাবে এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

শিবিৰত জ্যেষ্ঠ হেপেটাল’জিষ্ট ডাঃ বৈভৱ পাতিল উপস্থিত থাকি দিনৰ ১১ বজাৰ পৰা
সাংবাদিকসকলক স্বাস্থ্য সম্বন্ধীয় যাৱতীয় পৰামৰ্শ আগবঢ়াব।
উল্লেখযোগ্য যে উক্ত দিনাই যোৱা ৯ ছেপ্টেম্বৰত প্ৰেছ ক্লাৱত অনুষ্ঠিত
হেপেটাইটিছ বি আৰু চি পৰীক্ষণ শিবিৰত উপস্থিত থকা সাংবাদিকসকলক ডাঃ ৰেলা
ইনষ্টিটিউটৰ তৰফৰ পৰা বিশেষ স্বাস্থ্য সেৱা কাৰ্ড প্ৰদান কৰা হ’ব ।
Facebook Comments