কাকীত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৩ ছেপ্টেম্বৰঃ বুধবাৰে হোজাই জিলাৰ কাকীত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয়৷

লামডিং শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত অংগনবাদী কৰ্মীসকলৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে কাকী অঞ্চলত এক বিশাল সমদল উলিয়াই৷

লামডিং শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত কাকী অঞ্চলত থকা অঙ্গনৱাড়ী কেন্দ্ৰৰ সহায়িকা, সহ-সহায়িকাসকলে অংশ গ্ৰহণ কৰে উক্ত সমদলত ৷

সমদলত অংশ গ্ৰহণকাৰীসকলে হাতে হাতে পষ্টাৰ, প্লেকাৰ্ড, বেনাৰ লৈ শুদ্ধ পুষ্টি উজ্বল দেশ, ৰাষ্ট্ৰীয় পুষ্টি দিৱস পালন কৰক, ৰক্তহীনতা দূৰ কৰক, গৰ্ভৱতী মাতৃক টিকাকৰণ কৰক আদি বিভিন্ন শ্ল’গানৰ লগতে বিভিন্ন ধৰণৰ গীত গাই পৰিৱেশ মূখৰিত কৰি তোলে৷

উল্লেখ্য যে, গৰ্ভৱতী মহিলা তথা পুষ্টিহীনতাত ভোগা শিশুক নিৰাময় কৰি সুস্থ সবল শিশুক দেশৰ নাগৰিক হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ভূমিকা লোৱা এই বিশেষ অভিযানৰ অংশ স্বৰূপে ১ ছেপ্টেম্বৰৰ পৰা লামডিং শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত ৩০ ছেপ্টেম্বৰলৈ পালন কৰিব ৰাষ্ট্ৰীয় পোষণ মাহ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here