লংকাত দিন-দুপৰতে ডকাকতিঃ স্কুটাৰৰ বক্স ভাঙি বেংকৰ সন্মুখৰ পৰা চোৰে লুটি নিলে ২ লাখ ৫ হাজাৰ টকা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৪ ছেপ্টেম্বৰঃ লংকা চহৰৰ কানাড়া বেংকৰ সন্মুখত দিন-দুপৰতে সংঘটিত এক ডকাইতি কাণ্ডত চোৰে লুটি লৈ যায় নগদ দুই লাখ পাঁচ হাজাৰ টকা।চহৰখনৰ কানাড়া বেংকৰ সন্মুখত সংঘটিত হয় এই কাণ্ডত দীপক শীল নামৰ ব্যৱসায়ীজনৰ স্কুটাৰৰ বস্কৰ তলা ভাঙি লুটি লৈ যায় এই ধনখিনি।

লংকাৰ কানাড়া বেংকত ঋণৰ ধাৰ পৰিশোধৰ বাবে ব্যৱসায়ীজনে ইউনাইটেড বেংকৰ পৰা উলিয়াই আনিছিল উক্ত ধনখিনি।

ব্যৱসায়ী দীপক শীলে বেংকৰ সন্মুখত উপস্থিত হৈ ভনীয়েকৰ সৈতে এটি ফোনত ব্যস্ত হৈ পৰোতেই তলা ভাঙি ধন লৈ উধাও হয় চোৰ।

ইতিমধ্যে, ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

 ইপিনে,বেংকৰ চি চি টিভি কেমেৰাত তিনি চোৰে লোকজনক অনুসৰণ কৰি ফোনত ব্যস্ত হোৱাৰ সময়তে তলা ভাঙি চুৰিকাণ্ড সংঘটিত কৰাৰ ফুটেজ লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here