প্ৰাগজ্যোতিষ বাৰ্তা,শুৱালকুচি,১৪ ছেপ্টেম্বৰঃ ‘সাংবাদিকতাৰ নীতি ভূলুণ্ঠিত কৰা কিছু সংখ্যক পাবত গজা ৱেব পোৰ্টেলে আজি কিছুদিন ধৰি উদ্দেশ্য প্ৰণোদিতভাৱে ব্যক্তি বিশেষৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাত উঠি-পৰি লগাটো পৰিলক্ষিত হৈছে।’-এই ভাষ্য হাজোৰ তিনি নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসৰ।
তেনে দুটা পাবত গজা ৱেব পোৰ্টেলেই সম্প্ৰতি বিজেপি নেতাগৰাকীৰ ক্ৰমবৰ্ধিত জনপ্ৰিয়তা হ্ৰাস কৰিবলৈ উন্মুখ হৈ পৰা বুলিও নেতাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে।
এইক্ষেত্ৰত অৱশ্যে তেওঁ কোনো ৰাজনৈতি শক্তিৰ হাত থকাৰ সন্দেহো এক প্ৰেছ বিজ্ঞপ্তি যোগে ব্যক্ত কৰিছে। প্ৰেছ বিবৃটোত জনোৱা মতে, তেওঁৰ লগতে তেওঁৰ দাদা তথা আৰ এছ এছ নেতা শংকৰ দাসকো সাঙুৰি দুটা ভুৱা নিউজ পোৰ্টেলে ষড়যন্ত্ৰমূলকভাৱে কিছুমান ভূৱা বাতৰি প্ৰচাৰ কৰি তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে।
যোৱা ৭ ছেপ্টেম্বৰত দুয়োটা নিউজ পোৰ্টেলত তিনি নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে ৰাজনৈতিক বল প্ৰয়োগ কৰি বামুন্দি বেলৰতল বজাৰ আত্মীয়ক গতোৱাৰ চেষ্টা কৰা বুলি যি বাতৰি প্ৰচাৰ কৰিছে এই বাতৰি সম্পূৰ্ণ ভূৱা-ভিত্তিহীন বুলিও দাসে বিবৃতিটোত উল্লেখ কৰে।
তেওঁ আৰু কয় যে উক্ত বজাৰখনৰ বাবে হাজো আঞ্চলিক পঞ্চায়তৰ যোগেৰে নিবিদা আহ্বান কৰা হৈছিল আৰু বিভাগীয় প্ৰক্ৰিয়াৰে পাপুল দাসে উক্ত বজাৰৰ নিবিদা লাভ কৰিছিল।গতিকে তাত বিপুল দাসে হস্তক্ষেপ কৰিব পৰাৰ প্ৰশ্নই উঠিব নোৱাৰে।
আনহাতে বিবৃতিটোত শ্ৰীদাসে এইটোও স্পষ্ট কৰি দিয়ে যে পাপুল দাস তেওঁৰ কোনো আত্মীয় নহয়।
বাতৰিটোত সংলগ্ন ভিডিঅ’টোত ভাষ্য প্ৰদান কৰা ব্যক্তিকেইগৰাকীয়ে বিনা প্ৰমাণে তেওঁক অভিযুক্ত সজাবলৈ চেষ্টা কৰাৰ লগতে ৰাইজোকো ভুল তথ্যৰে বিভ্ৰান্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলিও তেওঁ বিবৃতিটোত স্পষ্ট কৰি দিয়ে।
আনহাতে ’প্ৰতিবিম্ব লাইভ’ শীৰ্ষক পোৰ্টেলটোৱে গ্ৰেজিং ৰিজাৰ্ভত মাটি দখল কৰি একে ৰাতিৰ ভিতৰতে সন্দেহজনক নাগৰিকক আনি গাঁও বহুওৱা বুলি প্ৰচাৰ কৰা বাতৰিটোও গোকাট মিছা।
এইসমূহ ঘটনাৰ লগত তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ কোনো সম্পৰ্ক নাই বুলিও বিপুল দাসে বিবৃটোত দৃঢ়তাৰ ব্যক্ত কৰে।
অতিশীঘ্ৰেই তেওঁ এই মিছা, উদ্দেশ্য প্ৰণোদিত বাতৰিৰে তেওঁৰ আৰু পৰিয়ালৰ নিকা ভাবমুৰ্ত্তি জনমানসত হেয় কৰিবলৈ অপচেষ্টা চলোৱা নিউজ পোৰ্টেল দুটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণাৰ্থে আদালতৰ ওচৰ চাপিব বুলিও বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰে।