সমাজ জীৱনৰ পৰা প্লাষ্টিক বৰ্জন প্ৰচেষ্টাৰে লংকাত স্বচ্ছতাই সেৱা অভিযানৰ শুভাৰম্ভঃ তথ্যচিত্ৰ ,সভাৰ মাজেৰে ভৱিষ্যত নাগৰিক স্বৰূপ ছাত্ৰ- ছাত্ৰীৰ মাজত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা

0
17

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৯ ছেপ্টেম্বৰঃ সমাজ জীৱনত ক্ৰমাত ভয়াবহ ৰূপ লোৱা নিত্য ব্যৱহাৰ্য্য প্লাষ্টিক আৰু ইয়াৰ দ্বাৰা প্ৰস্তুত সামগ্ৰী বৰ্জন প্ৰচেষ্টাৰে হোজাই জিলাৰ লংকাত “স্বচ্ছতাই সেৱা” অভিযানৰ শুভাৰম্ভ কৰা হয়|

তথ্যচিত্ৰ ,সভাৰ মাজেৰে ভৱিষ্যত নাগৰিক স্বৰূপ ছাত্ৰ- ছাত্ৰীৰ মাজত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় |

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ১১ ছেপ্তেম্বৰৰ পৰা ২৭ অক্টোৱৰলৈ সমগ্ৰ দেশ ব্যাপি ৰূপায়ন কৰি অহা স্বচ্ছতাই সেৱা (স্বচ্ছতা হি সেৱা ) অভিযানৰ এই বছৰৰ মূল শ্ল’গান “প্লাষ্টিক বৰ্জন”ক লংকা চহৰত সফল কৰি তুলিবৰ বাবে আগবাঢ়িছে লংকা পৌৰ সভা|

লংকা পৌৰসভাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবলৈ লোৱা এই “স্বচ্ছতাই সেৱা অভিযান”ৰ শুভাৰম্ভ কৰে হোজাই জিলা উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহায়ে|

লংকাৰ অন্যতম বেচৰকাৰী ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান বাৰ্ডছ ইংলিছ স্কুলত অনুষ্ঠিত হোৱা এই শুভাৰম্ভৰ অনুষ্ঠানত বহু কেইগৰাকী উচ্চ পদস্হ প্ৰশাসনীয় বিষয়া উপস্হিত থাকে |

উপস্হিত ছাত্ৰ- ছাত্ৰীৰ সন্মুখত প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে তথ্যচিত্ৰৰ যোগেদি প্ৰদৰ্শন কৰি এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে ভাৰতবৰ্ষক প্লাষ্টিক মুক্ত দেশ হিচাপে গঢ়াত সহায় আগবঢ়াব পাৰি সেই বিষয়ে দাঙি ধৰা হয়|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here