শিৱসাগৰ জিলা গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্পৰ ‘পোষণ মাহ’ত সজাগতা সভা

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং, ১৯ ছেপ্টেম্বৰঃ অসম তথা সমগ্র ভাৰতবৰ্ষত চলি থকা পোষণ অভিযানৰ লগত সংগতি ৰাখি যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা মাহ জোৰা ‘পোষণ মাহ ‘ৰ কাৰ্য্যসূচীৰ অংশ হিচাপে ১৩ ছেপ্টেম্বৰত শিৱসাগৰ উন্নয়ন খণ্ডৰ বহুমুখী প্ৰকল্পত শিৱসাগৰ গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত খেলুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা এক বিশাল শোভাযাত্ৰা উলিয়াই।

শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে খণ্ড উন্নয়ন বিষয়া গীতামণি বুঢ়া গোহাঁইয়ে।

“শুদ্ধ পুষ্টি উজ্জ্বল দেশ” শ্ল’গানে আৰম্ভ হোৱা শুভাযাত্ৰাত অংশগ্ৰহণ কৰে শিৱসাগৰ গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ অংগনবাডী কৰ্মী আৰু সহায়িকা , আশা কৰ্মী ,আত্মসহায়ক গোটৰ সদস্য/সদস‍্যা , স্থানীয় বিদ্যালয়ৰ শিক্ষা -শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী আৰু স্থানীয় ৰাইজে পূৰ্ণ অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাৰ শেষত অনুষ্ঠিত হোৱা সজাগতা সভাত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত জোনমণি সোণোৱাল।

আঁচনিখনৰ লক্ষ্য উদ্দেশ্য সৰ্ম্পকে ব‍্যাখ‍্যা কৰে। প্ৰকল্প বিষয়া মনালিছা শৰ্মাই তেখেতে পোষণ মাহ উদযানৰ বিভিন্ন কাৰ্য্যসূছীৰে শিশু, কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মাতৃ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগন সৰ্ম্পকে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

পোষণ মাহৰসকলো কাৰ্য্যসূছী সফলতাৰে সম্পন্ন কৰি এই অভিযানক এক আন্দোলন ৰূপ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়। তেখেতে লগতে উল্লেখ কৰে থলুৱা শাক-পাচলি, ফল-মূলৰ পৰাই সম্পূৰ্ণ পুষ্টি লাভ কৰিব পাৰে।

মাতৃগৰাকীয়ে সুষম আহাৰ গ্ৰহণ কৰিলে সুস্থ সন্তান আশা কৰিব পাৰি।নেপোলিয়ানৰ এটি উক্তি দাঙি ধৰি কয় “মোক এগৰাকী মাতৃ দিয়া ,মই এটা ভাল জাতি দিম ” গতিকে সকলো মাতৃকেই আহ্বান জনায়।

সভাত উপস্থিত খণ্ড উন্নয়ন বিষয়া গীতামণি বুঢ়াগোহাঁই কয় অংগনবাডী কৰ্মী আৰু সহায়িকা সকল সৌভাগ্যবান কিয়নো তেওঁ লোকে শিশু আৰু মহিলাসকলৰ লগত পোনপটীয়াকৈ জড়িত ।

সভাত শতাধিক ৰাইজৰ উপস্থিতিত মাতৃ আৰু শিশুসকলক পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্য প্ৰতিজ্ঞাবদ্ধ হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here