শিশুকেন্দ্ৰিক অনুষ্ঠান কুঁহি সমাৰোহ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং, ১৯ ছেপ্টেম্বৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ উদ‍্যোগত কলঞ্চুপাৰ শাখা সাহিত্য সভাৰ আতিথ‍্যত কুঁহি সমাৰোহ ২২ছেপ্টেম্বৰত শিৱসাগৰত শিক্ষাবিদ সাহিত্যক প্ৰেমধৰ বৰগোহাঁই ক্ষেত্ৰ “নাটঘৰ “পুৰণা আমোলাপট্ৰি গোহাঁইগাঁও নামঘৰ প্ৰাঙ্গণ দিনযোৰা কাৰ্য্যসূছীৰে কুঁহি সমাৰোহ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।

শিশুকেন্দ্ৰিক কুঁহি সমাৰোহখনৰ সম্পাদক জয়ন্ত মাধৱ গগৈ কলঞ্চুপাৰ শাখা সাহিত্য সভা ।

সম্পাদক বিনোৱা টায়ে শিৱসাগৰ জিলা সাহিত্য সভা । পুৱা ৮-৩০ বজাত শিক্ষাবিদ -সাহিত্যক প্ৰেমধৰ বৰগোঁহাই ক্ষেত্ৰ মুকলি কৰিব সোণাৰাম বৰুৱাই প্ৰাক্তন সভাপতি , শিৱসাগৰ জিলা সাহিত্য সভা ।

পুৱা ৮-৪৫ পতাকা উত্তোলন উত্তোলক দীপেন বুঢ়া গোহাঁই ,সভাপতি কলঞ্চুপাৰ শাখা সাহিত্য সভা ।পুৱা ৯-১৫ বজাত স্মৃতি তৰ্পণ , তৰ্পক ৰঞ্জিত বৰগোঁহাই , সভাপতি ,অসম সাঁতোৰ সন্থা ।

পুৱা ১০-০০বজাত কুঁহি ভাৱ -বিনিময় অনুষ্ঠান উদ্বোধক অনুস্কা তৰাঙ্গিণী বৰুৱা , মুখ্য অতিথি শান্তনু তামূলী সাহিত্য একাডেমিত শিশু-সাহিত্য বঁটা প্ৰাপক , সম্পাদক শিশু আলোচনী ‘মৌচাক ‘।

বিয়লি ১-০০ বজাৰ পৰা মুকলি সভা উদ্বোধক দিলীপ কুমাৰ বুঢ়াগোহাঞি , সভাপতি শিৱসাগৰ জিলা সাহিত্য সভা ।বিশিষ্ট অতিথি দুৰ্লভ বুঢ়াগোহাঁই প্ৰাক্তন সভাপতি শিৱসাগৰ সাহিত্য সভা । যোগ গগৈ, কাৰ্য্যকৰি সভাপতি , কুঁহি অসম সাহিত্য সভা ।

উদ্যোগতাসকলে জনাইছে শিশুকেন্দ্ৰিক কুঁহি সমাৰোহখনলৈ প্ৰতিখন শাখা সাহিত্য সভাই বিভিন্ন ক্ষেত্ৰত চাৰি গৰাকী প্ৰতিভাৱান কুঁহি (১৪বছৰ বয়সৰ ভিতৰৰ ) অনাৰ ব‍্যৱস্থা কৰিব আৰু সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here