সাৱলীকৰণ এটা খোজ মহিলাসকলে পালে তাঁতশাল আৰু কুকুৰা পোৱালি

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং, ১৯ ছেপ্টেম্বৰঃ নাজিৰা এম. চি. ক্লাৱৰ প্ৰাঙ্গণত ১৪ ছেপ্টেম্বৰত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা “আশ্ৰয়” ৰ উদ্যোগত – নাজিৰা গ্ৰাম্য সমাজৰ মহিলা সকলৰ সৱলীকৰণক লৈ এখন সভা অনুষ্ঠিত কৰা হয়।

এই সভাতে মহিলা সকলৰ মাজত “আশ্ৰয়” ৰ যোগেদি এটি প্ৰচেষ্টা হাতত লৈ “কুকুৰা” পোৱালী ৰ লগতে তাঁতশাল বিতৰণ কৰা হয় ।

উক্ত সভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ তপন কুমাৰ গগৈ , নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি , অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা , ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভি ৰাজকুমাৰী ।

এই বেচৰকাৰী সংস্থাৰ অৰ্থাৎ “আশ্ৰয়” ৰ মুখ্য তত্বাবধায়ক আৰু যুৱ সমাজকৰ্মী ময়ূৰ বৰগোঁহাই , ৰাজেন শৰ্মা, গোপাল বৰুৱা আৰু কেইবাজনো বিশিষ্ট সমাজকৰ্মী তথা গণ্যমান্য ব্যক্তি এই অনুষ্ঠানটিত উপস্থিত থাকে।

এই সভাত উপস্থিত থকা কেই গৰাকী মান মহিলাক আৰ্থিক দিশত সহায়ক হোৱাকৈ তাঁতশাল আৰু কুকুৰা পোৱালি প্ৰদান কৰে।

মহিলাসকলে শিল্প কৰ্ম তথা কুকুৰা পালনৰ যোগেদি আৰ্থিক দিশত আত্ম নিৰ্ভৰশীল হব পাৰে সেই উদেশ্যই আশ্ৰয় এই প্ৰচেষ্টা হাতত লয় ।

আশ্ৰয় বিষয়ববীয়াসকলে উল্লেখ কৰে অনাগত দিন বিলাকটো এই বেচৰকাৰী সন্থা আশ্ৰয় আৰু অকনমান আগুৱাই যাব বুলি উপস্থিত ৰাইজৰ আগত অৱগত কৰে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here