চামগুৰিত চোৰাং গৰু ভৰ্তি ট্ৰাকসহ পাঁচজনক আটক

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা , ১৯ ছেপ্টেম্বৰঃ নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা থানাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা এখন চোৰাং গৰু ভৰ্তি ট্ৰাকসহ পাচঁ জন গৰু সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা নিশা এম এল ০৪ চি ৫৩৯৫ নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকত ২২ টা কৈ গৰু মেঘালয়লৈ বুলি নি থকাৰ অৱস্থাত চামগুৰি আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ কৰাৰ সন্দেহত থানাৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰাৰ লগতে মেঘালয়ৰ মিকি ধৰ, আৰবাজ ধৰ, ক্যানমৌ পাপ’ঙ আৰু ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত জিয়ুমাৰী অঞ্চলৰ মুকচিদুল ইছলাম আৰু মুক্তাৰ হুছেইনক আটক কৰে ৷

আৰক্ষীয়ে যোৱা নিশা চোৰাং গৰু সৰবৰাহ কৰা সন্দেহত আটক কৰা লোককেইজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here