সৰ্বভাৰতীয় নাট আৰু নৃত্য প্ৰতিযোগিতাত উজ্জ্বলিল নক্ষত্ৰ গোষ্ঠী

0
48

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা,মনীষা শৰ্মা,২০ ছেপ্টেম্বৰঃ অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰ গোষ্ঠী।

প্ৰডাকচনে উৰিষ্যাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ২০১৯ ত অংশগ্ৰহণ কৰি সৰ্ব ভাৰতীয় নাট আৰু নৃত্য প্ৰতিযোগিতাত ১০ টাকৈ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে নাটকৰ শিতানত ‘তথাস্তু ‘ নাটখন প্ৰদৰ্শন কৰি ইয়াৰ শিল্পীসকলে প্ৰথম স্হান লাভ কৰাৰ লগতে হেৰাম্ব শৰ্মাই শ্ৰেষ্ঠ পৰিচালক, মধূপৰ্ণা দাসে শ্ৰেষ্ঠ শিশু শিল্পী , আৰু অংকিতা ৰাজবংশীয়ে তৃতীয় শ্ৰেষ্ঠ শিশু শিল্পী খিতাপ দখল কৰে।

আনহাতে ‘খ’ শাখাৰ লোক নৃত্য প্ৰতিযোগিতাত বিহু নৃত্যত পূজা দাসে প্ৰথম, সত্ৰীয়া নৃত্যত দ্বিতীয়, আৰু তৃষ্ণা দাসে প্ৰথম স্থান লাভ কৰাৰ উপৰিও ‘ক’ শাখাৰ বিহু নৃত্যত মধূপৰ্ণা দাসে বিহুনৃত্যত প্ৰথম আৰু আধুনিক নৃত্যত অংকিতা ৰাজবংশীয়ে তৃতীয় স্থান লাভ কৰে।

স্বাভাৱিকতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰাৰ পিছত অধিক উৎফুল্লিত হৈ পৰিছে অংশগ্ৰহণকাৰী সকলৰ লগতে নক্ষত্ৰ গোষ্ঠীৰ সমূহ পৰিয়াল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here