চৰকাৰী চাকৰীমুখী নহৈ বতা চৰাই পালন কৰি স্বাৱলম্বিতাৰ পথত এজন যুৱক

0
12

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ২০ ছেপ্টেম্বৰঃ কৰ্মই ধৰ্ম,আৰু এই আদৰ্শ কে সৰোগত কৰি নৱ প্ৰজন্মৰ বাবে এক নিদৰ্শন পথ দাঙি ধৰিছে এজন যুৱকে।

মানৱ সমাজত এতিয়াও কৰ্মৰ অভাৱ ঘটা নাই, আপুনি যদি নিৱনুৱা হৈ ঘৰতে বহি আছে তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন চাওঁক।

গোগামুখ, ভেবেলি সোণোৱাল গাঁৱৰ এজন যুৱকৰ এক প্ৰসংশনীয় পদক্ষেপ।পাপু সোণোৱাল নামৰ যুৱকজনে বিগত এবছৰ পৰা ঘৰতে বতা চৰাই পালন কৰি স্বাৱলম্বিতাৰ পথত অগ্ৰগতি লাভ কৰা দেখা গৈছে।

উক্ত ফাৰ্মখনত ১৫০০ত কৈ অধিক বতা চৰাই পালন কৰি আহিছে। বৰ্তমানে ফাৰ্ম পৰা দৈনিক ১৫০ টা বতা চৰাই কনি পোৱা কথা উল্লেখ কৰে। আৰু মাংস হিচাপে কিছু বিক্ৰী কৰে বুলি জানিব দিয়ে।

উল্লেখ্য যে উক্ত ফাৰ্ম পৰা মাহত পাঁচ/ছয় হাজাৰ টকা উপাৰ্জন হয় বুলি জানিব দিয়ে।এনেকৈ সংসাৰ চলোৱা কথা অৱগত কৰে।

লগতে কয় চৰকাৰ পৰা আজিলৈকে কোনো ধৰণৰ সহাৰি নোপোৱাৰ কথা ।উচ্চ শিক্ষা থকাৰ পাছতো চৰকাৰ চাকৰি সুবিধা নোপোৱাৰ বাবেই, বতা চৰাই পালন কৰি জীৱন জীবিকা পথ বাচি লোৱা বুলি জানিব দিয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here