দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ ’শাৰদীয় আবেলিৰ মধুৰ পৰশ’ শীৰ্ষক অনুষ্ঠান

0
20

প্ৰাগজ্যোতিষ বাৰ্তা, জালুকবাৰীৰ পৰা মনীষা শৰ্মা, ২৫ ছেপ্টেম্বৰঃ বিহুভাঙা শাখা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ “শৰতৰ আবেলিৰ মধুৰ পৰশ” শীৰ্ষক এখনি বিশেষ অনুষ্ঠান আজি বিহুভাঙা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হৈ যায় ।

দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ সহঃ আহ্বায়ক উৎপল কলিতাই আঁতধৰা আৰু দৰং জিলা সাহিত্য সভাৰ ৰামধেনুৰ তত্ত্বাৱধায়ক হৰেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা এই বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ড° পৰমানন্দ ৰাজবংশী, শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ পদ্মশ্ৰী সূৰ্য হাজৰিকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাম চন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক কৰুনা কান্ত শৰ্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ৰাণা আলম, অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিবাহক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ সহঃ আহ্বায়ক ডাঃ মৃন্ময় কুমাৰ নাথ, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট চন্দ্ৰ  হাজৰিকা আদি ব্যক্তিসকল উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত দৰং জিলাৰ আব্দুল মালিক, প্ৰেৰণাশ্ৰী যতীন কুমাৰ, নমিতা চহৰীয়া, বিন্দু কলিতা ৰাজবংশী, বসন্ত শইকীয়া, গীতাঞ্জলী দেৱী, দময়ন্তী ডেকা, শুভেশ্বৰী ডেকা, হীৰক জ্যোতি ভট্ট আদি নবীন-প্ৰবীন কবিয়ে ভাগ লৈ কবিতা পাঠ কৰে ॥

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here