বিশ্ব হৃদ দিৱস উপলক্ষে মহানগৰীত সজাগতা-সমদল

0
33

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ বিশ্ব হৃদ দিৱস (World Heart Day) উপলক্ষে দিছপুৰ হাস্পতাল আৰু ‘দ্য হাৰ্ট, সহৃদয় গোষ্ঠী’য়ে আজি গুৱাহাটী মহানগৰীতএক সজাগতা-সমদল উলিয়ায় ৷

দিছপুৰ হাস্পতালত বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বৰদলৈ আৰু জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই ফ্লেগঅফ কৰি উদ্বোধন কৰা এই সমদলত তিনি শতাধিক স্বাস্থ্য সচেতন নাগৰিকে অংশগ্ৰহণ কৰে ৷

দিছপুৰহাস্পতালৰ পৰা চুপাৰ মাৰ্কেট হৈ গনেশ মন্দিৰৰ সন্মুখেৰে আগবাঢ়ি পুনৰ দিছপুৰ হাস্পতাল চৌহদত উপস্হিত হয় সমদলকাৰীসকল ৷

ইয়াত অংশগ্ৰহণ কৰি ডাঃ বনজিৎ চৌধুৰী , ডাঃ চন্দন মোদক সহিতে দিছপুৰ হাস্পতালৰ চিকিৎসক-কৰ্মচাৰীসকল তথা সহৃদয় গোষ্ঠীৰ প্ৰচাৰ মূৰব্বী নৱজ্যোতি পাঠকৰ লগতে গোষ্ঠীৰ সদস্যবৃন্দই হৃদৰোগ আৰু ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে সজাগতামূলক প্ৰচাৰ চলায় ৷

হৃদৰোগ বিশেষজ্ঞদ্বয়  ডাঃ চৌধুৰী আৰু ডাঃ মোদকে কয় যে সম্প্ৰতি সমগ্ৰ বিশ্বতে হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পাই আহিছে ৷ ভৰতবৰ্ষৰ লগতে অসমতো এই ৰোগে বিপদ সংকেত বজাইছে ৷

বৰ্ধিত মানসিক চাপ , মাদক দ্ৰব্যৰ প্ৰতি সীমাহীন আসক্তি , শাৰীৰিক শ্ৰম বিমুখতা , ব্যায়ামৰ বাবে সময়হীনতা , জিভাৰজুতিৰ বাবে অত্যধিক মচলা-চৰ্বিযুক্ত খাদ্য গ্ৰহণ , প্ৰদূষিত পৰিৱেশ হৃদৰোগৰ অন্যতম শীৰ্ষ কাৰকৰূপে বিবেচিত হৈছে ৷

সেয়ে এইক্ষেত্ৰত মানুহ সজাগ-সচেতন হোৱাৰ বিকল্প নাই ৷ স্বাস্থ্য আৰু

পৰিৱেশ সচেতনতাই হৃদৰোগৰ অনাকাংক্ষিত বোজা বহনৰ পৰা আমাৰ দেশখনক বহুলাংশে মুক্ত কৰি ৰাখিব পাৰে ৷

“আহক আমি সকলোৱে সজাগ-সচেতনতাৰে জীৱনৰ বাটত আগবাঢ়োঁ ৷ জীৱনশৈলীৰ ইতিবাচক

পৰিৱৰ্তন আৰু বিজ্ঞান মনস্কতাৰে নিজক , পৰিয়ালক , দেশক ভালপোৱাৰ সংকল্প লওঁ”, এইদৰে সাধাৰণ ৰাইজক  তেওঁলোকে আহ্বান জনায় ৷

 

 

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here