এপ’ল হস্পিটেল গুৱাহাটী উদ্যোগত  বিনামূলীয়া হৃদৰোগ  পৰীক্ষা

0
7

প্ৰাজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শর্মা, ২৯ ছেপ্টেম্বৰঃ বিশ্ব হাৰ্ট  কেয়াৰ দিৱস উপলক্ষে  এ’পল হস্পিটেলৰ উদ্যোগত দেওবাৰে   হৃদযন্ত্ৰৰ  ৰোগত  আক্ৰান্ত  সকলৰ বাবে এক বিনামূলীয়া পৰীক্ষন শিবিৰ অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে প্ৰতি বছৰে  ২৯ ছেপ্টেম্বৰ  তাৰিখে পালন কৰা হয়  বিশ্ব হাৰ্ট  কেয়াৰ দিৱস।

মূলতঃ জনসাধাৰণৰ মাজত সতৰ্কতা বৃদ্ধি ,হৃদৰোগৰ কাৰণ আৰু ইয়াৰ  উপশমৰ লগতে জনসাধাৰণৰ মাজত সচেতনতা  বৃদ্ধিৰ বাবে বিভিন্ন  অনুষ্ঠান প্ৰতিষ্ঠানে  সজাগতামূলক সভা অনুষ্ঠিত কৰে ,যদিও এক ব্যতিক্ৰমী প্ৰয়াসেৰে এপ’ল হস্পিটেল গুৱাহাটী উদ্যোগত  আজি হৃদৰোগত আক্ৰান্ত ৰোগী সকলৰ বিনামূলীয়াকৈ  ই চি জি কৰাৰ লগতে  হৃদৰোগ জনীত সকলো পৰামৰ্শৰ লগতে  টি এম টি  ইক’ আদিৰ বিনামূলীয়া পৰীক্ষা সম্পন্ন কৰে।

স্বাভাৱিকতে  হস্পিটেলখনৰ এনে পদক্ষেপক লৈ উৎফুল্লিত হৈ   পৰিছে ৰোগী সকল ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here