চামগুৰি শিৱস্থানত লোমহৰ্ষক হত্যা কাণ্ডঃ স্বামীৰ হাতত পত্নীৰ মৃত্যুঃ হত্যাকাৰী গ্ৰেপ্তাৰ

0
5

 প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৯ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত কুহুমতলীত  লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়।

কুহুমতলী গাঁৱৰ হাছিম উদ্দিনৰ পুত্ৰ নৰুল হকে পত্নী ৰছিদা বেগমক  (২২) বিহ খুৱাই হত্যা কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱা ঘটনাই  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, কুহুমতলী গাঁৱৰ সুৰুজ আলীৰ জীয়ৰী ৰছিদা বেগমক বিগত প্ৰায় পাঁচ বছৰৰ আগতে একে গাঁৱৰে নৰুল হকে বিয়া কৰাই।

পৰবৰ্তী সময়ত প্ৰয়ে স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কণ্ডলৰ সূত্ৰপাত ঘটে।

আৰু তাৰ পৰিণতিতে আজি পুৱা প্ৰায় দহমান বজাত স্বামীয়ে পত্নীক বিহ খুৱাই হত্যা কৰে।

পিছত ঘটনাস্থলীত শিৱস্থান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘৰৰ পৰা হত্যাকাৰী নৰুল হকক(২৪) কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে আৰক্ষীয়ে ৰছিদা বেগমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিত্সালয় লৈ প্ৰেৰণ কৰে।

আনহাতে এই লোমহৰ্ষক হত্যা কাণ্ডত মৃত্যু ঘটা ৰছিদা বেগমৰ দেহত আঘাতৰ চিন থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ।

ইপিনে ৰছিদা বেগমৰ পৰিয়ালে শিৱস্থান আৰক্ষী চকীত নৰুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

আনহাতে ৰছিদা বেগমৰ এগৰাকী তিনি বছৰীয়া কন্যা সন্তান এই সংসাৰত এৰি থৈ যায় বুলি জানিব পৰা গৈছে ।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here