গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰাজ পথত দাউ দাউকৈ জ্বলিল বাহনঃ  নিহত তিনি

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ২৯ ছেপ্টেম্বৰঃ  ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা৷

বুধবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ মৰঙীৰ সাৰৰ গাঁৱৰ ৩৯ নং ৰাষ্টীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

নিশা গুৱাহাটী অভিমুখে আহি থকা টাটা চুম’ৰ বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত উক্ত ভয়ানক ঘটনাটো সংঘটিত হয়৷

চুম’খনত গুৱাহাটীৰ আবকাৰীৰ এটা ছজনীয়া চোৰাংচোৱাৰ দল আছিল৷

ডাম্পাৰখনে আবাকাৰী দলটোৰ চুম’খনত প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলত চুম’খন দাউ দাউকৈ জ্বলি উঠাত চুম’খনৰ ভিতৰতে দুজন আবকাৰী লোক অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয়৷

উক্ত থিতাতে মৃত্যু হোৱা লোক দুজন ক্ৰমে আবকাৰী পৰিদৰ্শক চামু মাইবংচা আৰু কনিষ্টবল ৰমেন বনজাং৷

ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনক গুৱাহাটীৰ মেডিকেল কলেজলৈ নিয়া হয়৷

আবকাৰী দলটোৰ আন এজন যোকহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আকোৱালী লয়৷

উল্লেখযোগ্য যে আবকাৰী দলটো দেওবাৰে অৰুণাচলী সুৰাৰ বিৰুদ্ধে এক বিশেষ  অভিযানৰ বাবে গোলাঘাট, যোৰহাট আৰু কাৰ্বিআলঙলৈ ৰাওনা হৈছিল৷ কালি দলটোৱে যোৰহাটৰ অভিযান সামৰি গুৱাহাটীৰ অভিমুখে আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here