গান্ধী জয়ন্তীক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাঃ এক্সেভেটাৰেৰে ভাঙি পেলালে গান্ধীমন্ডপ নিবাসীৰ গেটৰ সন্মুখ

0
7

 প্ৰাজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা,৩০ ছেপ্টেম্বৰঃ ২অক্টোবৰ তাৰিখে দেশৰ লগতে ৰাজ্যত অসম চৰকাৰৰ তৰফৰ পৰা দক্ষিণ শৰণীয়া গান্ধী মন্ডপত বৰ্ণাধ্য কাৰ্যসূচীৰে গান্ধীজয়ন্তী উদযাপন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২১ ছেপ্টেম্বৰত গান্ধীমন্ডপ পৰিদৰ্শন কৰে ৷

অনুষ্ঠানৰ সম্পূৰ্ণ খুটি নাটি জিলা উপায়ুক্তক অৱগত কৰি বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে ৷

সেই মৰ্মে জিলা প্ৰশাসন, গুৱাহাটী পৌৰনিগম আৰু বনবিভাগে ২৪ ছেপ্টম্বৰ তাৰিখে যুটীয়াভাৱে গান্ধীমন্ডপ পথৰ সমীপত থকা অবৈধ প্ৰায় ৩০ খন টিনপাতৰ দোকান উচ্ছেদ কৰে ৷

জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমক তৰফৰ একত্ৰিতভাবে আৰক্ষীৰ সহযোগত শনিবাৰে গান্ধীমন্ডপ পথৰ বাসিন্দাসকলৰ গেটৰ সন্মুখ ভাগ এক্সেভেটাৰেৰে এফালৰ পৰা খান্দি পেলায় ৷

যাৰ বাবে স্হানীয় ৰাইজ যঠেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷

নিজ বাসগৃহৰ সন্মুখভাগ খন্দৰ ফলত নিজৰ গাড়ীখন ঘৰলৈ নিব পৰা নাই ৷

পথতে গাড়ী মটৰচাইকেল ৰাখিবলগীয়াত পৰিছে ৷

একাংশ স্হানীয় ৰাইজৰ অভিযোগ পথ নিৰ্মাণৰ সময়ত এইবোৰ দিশ কিয় চালিজাৰি চোৱা হোৱা নাছিল ৷

যাৰ বাবে প্ৰশাসনে হঠাৎ এনেকৈ সন্মুখ ভাগ খান্দি দিলে ৷

ছয় কৌটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়োৱা পথটোৰ এনেকুৱা কিয় আশোৱাহ থাকি গ’ল ৷

ইয়াৰ বাবে জনসাধাৰণে কিয় এনেকুৱা সমস্যাৰ সন্মুখীন হ’ব লাগে ৷

স্হানীয় ৰাইজে শীঘ্ৰে খন্দা পথসমূহৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমৰ ওচৰত দাবী জনায় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here