ধেমাজিত ভোটাৰ্ছ পাৰ্টি ইন্টাৰ্নেচনেলৰ উত্তাল প্ৰতিবাদ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৯ ছেপ্টেম্বৰঃ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষনা কৰোৱাৰ দাবীত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ ধেমাজি আৰু লক্ষিমপুৰৰ কৰ্ম-কৰ্তাসকলে ২৮ ছেপ্টেম্বৰত ধেমাজি চহৰত বান সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এক বিশাল সমদল উলিয়াই।

ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ ওপৰত বিদেশী ন্যায়ধীকৰণৰ কাম – কাজ মাননীয় উচ্চতম ন্যায়ালৰ দ্বাৰা কৰোৱাৰ লগতে জীয়াধল বৰ্মন গাঁৱৰ পৰা কুমটীয়া মঠাউৰীৰ নিৰ্মাণ খৰটকীয়া কৰা আৰু ধেমাজি জিলাৰ কৃষি খণ্ডৰ ওপৰত ম’ৰা পোকে ধবংস কৰা শালি খেতি ওপৰত বৰ্তমান চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ দাবীতো বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্রত কৰ্ম কৰ্তাসকলে দাবী কৰে যে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰক ন’হলে বান পীড়িত অঞ্চলৰ সকলো ভোটাৰক মাহে ৬০০০ হাজাৰ টকাকৈ ভোটাৰচীপৰ টকা একাউন্টত দিবলৈ দাবী জনোৱাৰ লগতে সংবাদ মাধ্যমৰ লগত জড়িতসকলক মাহে দৰমহাৰ ব্যৱস্থা কৰিবলৈ সংগঠনটিয়ে দাবী জনাই।

প্ৰতিবাদী সভাত উপস্থিত থাকে ৰাজ্যিক সদস্য আবু চামা, পবিত্ৰ বড়ো, লক্ষিমপুৰ লোকসভা সমষ্টিৰ ভি পি আই প্ৰাৰ্থী ভূপেন নৰহ,লগতে ধেমাজি জিলা সমিতিৰ সভাপতি দেৱ গগৈ আৰু সম্পাদক সূৰ্য্য পেগু।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here